ডাউনলোড
মোবাইল এপ

android apple
signal

June 30, 2025 11:56 AM | Om Birla

printer

ধৰ্মশালাৰ তপোবনত আজি কমনৱেলথ সংসদীয় সংস্থাৰ দ্বিতীয় মণ্ডলৰ বাৰ্ষিক সন্মিলন মুকলি

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ তপোবনত আজি কমনৱেলথ সংসদীয় সংস্থাৰ দ্বিতীয় মণ্ডলৰ বাৰ্ষিক সন্মিলন মুকলি কৰিব। এই মণ্ডলৰ অধীনত দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু পাঞ্জাৱো সামৰি লোৱা হৈছে। গণতান্ত্রিক প্রতিষ্ঠানসমূহ শক্তিশালী কৰাৰ লগতে এই দিশত ৰাজ্যসমূহৰ অভিজ্ঞতাসমূহৰ আদান-প্ৰদান আৰু সমসাময়িক যুগৰ প্ৰশাসন আৰু বিধানপালিকাসমূহৰ কাম-কাজ উন্নত কৰাৰ উদ্দেশ্যে ল’বলগীয়া পদক্ষেপৰ বিষয়ে আলোচনাৰ বাবে এখন উপযুক্ত মঞ্চ প্রদান কৰাই এই সন্মিলনৰ মূল উদ্দেশ্য। এই সন্মিলনৰ বিষয়বস্তু হৈছে- ডিজিটেল যুগত সুপ্রশাসন : সম্পদ ব্যৱস্থাপনা, গণতন্ত্ৰৰ সুৰক্ষা প্ৰদান আৰু উদ্ভাৱনক আঁকোৱালি লোৱা ৷ কমনৱেল্‌থ সংসদীয় সংস্থা হৈছে- সংসদীয় গণতন্ত্র শক্তিশালী কৰাৰ উদ্দেশ্যে সাংসদসকলক একত্ৰিত কৰাৰ এটা গোলকীয় সংস্থা ।

অধিক পঢ়ক

সকলো চাওক