বিভিন্ন ক্ষেত্ৰত হোৱা উল্লেখনীয় অগ্ৰগতিৰে ভাৰত উদীয়মান গোলকীয় নেতৃত্ব ৰূপে পৰিগণিত হৈছে। “যুৱ প্ৰতিভাৰ শক্তি আৰু প্ৰযুক্তিৰ উদ্ভাৱনৰ জৰিয়তে সমসাময়িক প্ৰত্যাহ্বান শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এইদৰে কয়। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, যোধপুৰত হোৱা এই অনুষ্ঠানত অংশগ্ৰহন কৰি শ্ৰী বিৰলাই সামাজিক, অর্থনৈতিক আৰু প্ৰযুক্তিগত দিশত যুৱ প্ৰজন্মই আগবঢ়োৱা অৱদানৰ বাবে প্ৰশংসা কৰে।ৰাষ্ট্ৰৰ প্ৰগতিৰ দিশটোত গুৰুত্ব প্ৰদান কৰি প্ৰযুক্তিৰ বিকাশত কাম কৰি যাবলৈ শ্ৰী বিৰলাই যুৱ প্ৰজন্মক আহ্বান জনায়। বৰ্তমান যুৱপ্ৰজন্ম কৰ্মসন্ধানী হোৱাতকৈ কৰ্ম সংস্থাপক হৈছে আৰু এইক্ষেত্ৰত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও শ্রী বিৰলাই কয়। তেওঁ কয়, যে এনে প্রতিষ্ঠানসমূহৰ পৰা উত্তীর্ণ স্নাতকসকলে দেশৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ আৰু অৰ্থনৈতিক উন্নয়নত বিশেষ ভূমিকা গ্ৰহন কৰিছে। শ্রী বিৰলাই লগতে কয়, যে দক্ষ আৰু উদ্ভাৱক ভাৰতীয় যুৱ প্ৰজন্মই তেওঁলোকৰ ক্ৰমবদ্ধিত প্ৰভাৱৰ সাক্ষ্য বহন কৰিছে আৰু তেওঁলোকক “বিকশিত ভাৰত”ৰ যাত্ৰাত সক্ৰিয় অংশীদাৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত উৎসাহিত কৰিছে। অধ্যক্ষ শ্ৰী বিৰলাই তেওঁৰ এই ভ্রমণ কালত প্ৰতিষ্ঠানখনত এটা প্ৰেক্ষাগৃহ উন্মোচন কৰে। শ্ৰী বিৰলাই ভাৰতৰ চহকী আধ্যাত্মিক ঐতিহ্যৰ সৈতে সংহত আধুনিক বৈজ্ঞানিক অগ্ৰগতিত গুৰুত্ব প্ৰদান কৰে। ইয়াৰ ফলত নৈতিক, সৰ্বাত্মক আৰু বহনক্ষম বিকাশ সম্ভৱ হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে পুতলা নিৰ্মাণৰ পৰা প্ৰতিৰক্ষা সামগ্রী নির্মাণলৈ বিভিন্ন ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ বিষয়তো আলোকপাত কৰে। “আত্মনিৰ্ভৰ ভাৰত” নিৰ্মাণৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ ডিজিটেল পৰিৱেশতন্ত্রই ইন্ধন যোগাব বুলিও শ্রী বিৰলাই মত প্ৰকাশ কৰে ৷
Site Admin | June 10, 2025 12:03 PM | Om Birla
দেশৰ সামগ্ৰিক বিকাশত যুৱ প্ৰজন্মই আগবঢ়োৱা অৱদানৰ প্ৰশংসা ওম বিৰলাৰ
