ডাউনলোড
মোবাইল এপ

android apple
signal

July 15, 2025 11:50 AM | Odisha

printer

ওড়িশাৰ বালাচ’ৰৰ ফকিৰ মোহন অট’নমাছ কলেজৰ এগৰাকী ছাত্ৰীৰ কালি চিকিৎসাধীন অৱস্থাত মৃত্যু

ওড়িশাৰ বালাচ’ৰত অৱস্থিত ফকিৰ মোহন অট’নমাছ কলেজৰ এগৰাকী ছাত্ৰীৰ কালি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মহাবিদ্যালয়খনৰ এগৰাকী সহকাৰী অধ্যাপকে যৌন নির্যাতন চলোৱাৰ পাছত জুইত আত্মজাহ দিয়াৰ চেষ্টা চলোৱা ছাত্ৰীগৰাকীৰ দেহৰ ৯৫ শতাংশ জ্বলি গৈছিল আৰু তেওঁক সংকটজনক অৱস্থাত ভুৱনেশ্বৰৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। দুদিনীয়া ভ্রমণসূচীৰে কালি ওড়িশাত উপস্থিত হোৱা ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ভূৱনেশ্বৰৰ এইমছত উপস্থিত হৈ মৃত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃক সাক্ষাৎ কৰে আৰু এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰীগৰাকীক যৌন নির্যাতন চলোৱা মূল অভিযুক্ত তথা মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপকগৰাকীক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাৰ সৈতে জড়িত সন্দেহত আৰক্ষীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষকো আটক কৰিছে। উড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে ছাত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে।

 

অধিক পঢ়ক

সকলো চাওক