এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে আজি ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। আজি দিনৰ ১১ বজাত গুৱাহাটীৰ ৰাজভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্য্যই বি পি এফ দলৰ চৰণ বড়োক কেবিনেট মন্ত্রীৰূপে শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এন ডি এ বিকশিত অসমৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। বড়োভূমিৰ শান্ত, প্ৰগতি আৰু সমাজৰ সকলো শ্ৰেণীৰ সমন্বয়ৰ বাবে সকলোৱে লগলাগি চেষ্টা চলাই যাব বুলি তেওঁ মন্তব্য কৰে।
উল্লেখযোগ্য যে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে সদ্যসমাপ্ত বিটিচি নির্বাচনত অভূতপূর্ব সফলতা লাভ কৰাৰ পাছত দলটো শাসনাধিস্থিত এন ডি এ মর্চাত যোগ দিয়া সন্দৰ্ভত প্ৰচুৰ সম্ভাৱনাৰ সৃষ্টি হৈছিল। পৰৱৰ্তী বিধানসভা নির্বাচনলৈ ছমাহতকৈ কম সময় বাকী থকা অৱস্থাত অসম মন্ত্রীসভাৰ আজি হ‘বলগীয়া সম্প্ৰসাৰণ ৰাজনৈতিকভাবে বিশেষ গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে।