December 17, 2025 11:54 AM | Nur jalal

printer

চৰকাৰী ভ্রমণসূচীৰে মৌলবী নুৰ জালাল জালালী নতুন দিল্লীত উপস্থিত

আফগানিস্তানৰ জনস্বাস্থ্য মন্ত্রী মৌলবী নুৰ জালাল জালালী কালি তেওঁৰ প্ৰথমটো চৰকাৰী ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ভাৰতৰ সৈতে স্বাস্থ্যখণ্ডত থকা দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হবলৈ মন্ত্ৰীগৰাকী ভাৰতলৈ আহিছে। মন্ত্ৰীগৰাকীক ভাৰতলৈ আদৰণি জনাই বৈদেশিক পৰিক্ৰমা ম্যান্ত্ৰনালয়ে সামাজিক মাধ্যমৰ এটা পষ্টত আফগানিস্তানৰ স্বাস্থ্যখণ্ডত থকা ভাৰতৰ দীঘলীয়া সমর্থনৰ বিষয়ে প্রকাশ কৰে। স্বাস্থ্যখণ্ডত উভয় দেশৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰত আগ্রহী বুলিও মন্ত্র্যালয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্রকাশ কৰে। ভাৰতে আফগানিস্তানৰ জনসাধাৰণৰ সহায় হোৱাকৈ দেশখনৰ স্বাস্থ্য আন্তঃগাঁথনিলৈ ইতিমধ্যে বিভিন্ন অবদান আগবঢ়াইছে।

চলিত মাহৰ আৰম্ভণিতে ভাৰতে কাবুললৈ ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ চিকিৎসাৰ বাবে প্রতিষেধকৰ ৬৩ হাজাৰ ৭৩৪টা পালি আগবঢ়াইছে। বিগত ২৮ নৱেম্বৰত ভাৰতে আফগানিস্তানৰ স্বাস্থ্যখণ্ডৰ প্রয়োজন পূৰণ কৰিবলৈ ৭৩ টন চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিছিল। আফগানিস্তানৰ জনস্বাস্থ্য মন্ত্ৰীগৰাকীৰ এই ভ্রমণ হৈছে ভাৰতলৈ দেশখনৰ পৰা মন্ত্ৰী পৰ্যায়ৰ তৃতীয়টো ভ্রমণ। যোৱা ২০ নৱেম্বৰত আফগানিস্তানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী আলহাজ নুৰুদ্দিন আজিজি নতুন দিল্লীত উপস্থিত হৈছিল আৰু বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হৈছিল।