ডাউনলোড
মোবাইল এপ

android apple
signal

August 30, 2024 7:40 PM | Numaligarh

printer

নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ ৩১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ ৩১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন আজি প্ৰতিষ্ঠানটোৰ গুৱাহাটীত থকা কৰ্পৰেট কাৰ্যালয়ত অনুষ্ঠিত হয়। এন আৰ এল আৰু চি এম ডি অইলৰ অধ্যক্ষ ডº আৰ ৰাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শোধনাগাৰৰ পৰিচালন সঞ্চালক বি জে ফুকন আৰু শোধনাগাৰ পৰিষদৰ অন্যান্য সদস্য আৰু অংশীদাৰীসকল উপস্থিত থাকে। সভাত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰায় ২৫৯ কোটি টকাৰ চূড়ান্ত লভ্যাংশ ঘোষণা কৰা হয়। উল্লেখযোগ্য যে প্রতিষ্ঠানটোৱে বিত্তীয় বৰ্ষটোত ৪৫২ কোটি টকাৰ অন্তৱৰ্তীকালীন লভ্যাংশ প্রদান কৰিছে। তেল শোধনাগাৰটোৰ বাৰ্ষিক সাধাৰণ সভাখনত ২০২৩-২৪ চনৰ বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৱে খাৰুৱা তেলৰ প্ৰক্ৰিয়াকৰণত অভিলেখসংখ্যক দক্ষতা দেখুৱাইছে বুলিও অৱগত কৰা হয়। উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোৱে চলিত বছৰৰ এতিয়ালৈকে সর্বাধিক স্বতন্ত্র মূলধনী ব্যয় ৮ হাজাৰ ৫০২ কোটি টকালৈ বৃদ্ধি কৰিছে। এই বৃদ্ধি বিগত বৰ্ষৰ তুলনাত ২৪ শতাংশ বেছি। ইয়াৰ ফলত দীৰ্ঘম্যাদী বৃদ্ধি আৰু বহন ক্ষমতা সুনিশ্চিত হোৱাৰ লগতে সৰু-ডাঙৰ প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত অগ্ৰগতি নিশ্চিত হৈছে।