ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 2, 2024 12:50 PM | NTA

printer

ৰাষ্ট্ৰীয় পৰিক্ষণ সংস্থাক শক্তিশালী কৰাৰ উদ্দেশ্যে শিক্ষাৰ্থী আৰু অভিভাৱকৰ পৰা পৰামৰ্শ তথা সঁহাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পৰিক্ষণ সংস্থা- এন টি এক শক্তিশালী কৰি তুলিবলৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ পৰা পৰামৰ্শ তথা সঁহাৰি বিচাৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কৈছে যে, ডº কে ৰাধাকৃষ্ণনৰ অধ্যক্ষতাত গঠন কৰি দিয়া এখন উচ্চস্তৰীয় কমিটিয়ে এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ পৰা পৰামৰ্শ আৰু মতামত বিচাৰিছে। মন্ত্ৰ্যালয়ে লগতে কয় যে, শিক্ষার্থী তথা অভিভাৱকসকলে পৰীক্ষাৰ প্ৰক্ৰিয়া সংস্কাৰ, তথ্য সুৰক্ষা নিয়মাৱলীৰ বিকাশ আৰু সংস্থাৰ গাঁথনি তথা কার্যকলাপ সন্দৰ্ভত নিজা-নিজা মত প্রকাশ কৰিব পাৰিব। মন্ত্ৰ্যালয়ে অহা ৭ জুলাই পর্যন্ত এই পৰামৰ্শসমূহ গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।