ছবছৰ পূৰ্বে অসমত চূড়ান্ত এন আৰ চি অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ পাছতো এই পর্যন্ত এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰিছে। ন্যায়ালয়ে বিগত ছবছৰে নাগৰিক পৰিচয় পত্ৰ আৰু বাদ পৰি যোৱা নথি প্ৰদানকে ধৰি বিধিগত ব্যৱস্থাসমূহ অসম চৰকাৰে গ্ৰহণ নকৰা বিষয়টোক লৈ দেশৰ মহা পঞ্জীয়ক লোকপিয়ল আয়ুক্ত আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়কলৈও জাননী জাৰি কৰিছে। জমিয়ত-উলেমা-ই-হিন্দ আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই দাখিল কৰা এখন লেখ আবেদনৰ ভিত্তিত কালি ন্যায়ালয়ে এই জাননী জাৰি কৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ এ এছ চন্দুৰকাৰৰ খণ্ড বিচাৰপীঠে পদকীয়া পক্ষসমূহলৈ জাননী জাৰি কৰে। উল্লেখযোগ্য যে ২০১৯ চনৰ ৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্রকাশ কৰা হৈছিল যদিও ৰাজ্য চৰকাৰে যোৱা ছবছৰত এন আৰ চিত নাম অন্তৰ্ভুক্ত লোকসকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ আৰু নাম বাদ পৰাসকলক স্বীকৃতি বিহীনতাৰ নথি প্ৰদান নকৰা বিষয়টো লৈ সংগঠন দুটাই ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছিল ।
Site Admin | November 11, 2025 11:50 AM | NRC-SC
ছবছৰৰ পাছতো এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূর্ণ নকৰা বিষয় সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী