September 2, 2025 1:52 PM | noval us open

printer

ইউ এছ অপেন টেনিছৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কাইলৈ টেইলৰ ফ্ৰীটজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ন’ভাক জ’ক’ভিছ

ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত আৰ্থাৰ এছ ষ্টেডিয়ামত কাইলৈ ন’ভাক জ’ক’ভিছ টেইলৰ ফ্ৰীটজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ২৪ বাৰকৈ গ্ৰেণ্ড শ্লাম পৰ্যায়ৰ প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ দখল কৰা জ’ক’ভিছে প্রি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ জন লেনার্ড ষ্টাফক ৬-৩, ৬-৩, ৬-২ ফলাফলত পৰাস্ত কৰে। ইপিনে ফ্ৰীটজে প্রি-কোৱাৰ্টাৰ ফাইনেলত ট’মাছ মেচাকৰ বিৰুদ্ধে ৬-৪, ৬-৩, ৬-৩ ফলাফলত বিজয় অৰ্জন কৰে। উল্লেখযোগ্য যে দুয়োগৰাকীৰ মাজত হোৱা শেহতীয়া ১০ বাৰৰ মুখামুখীৰ আটাইকেইবাৰতে চাৰ্বিয়াৰ ৩৮ বছৰীয়া জ’ক’ভিছে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।