নৰ্থ লখিমপুৰ কলেজত দুদিনীয়াকৈ আয়োজিত আলোচনাচক্ৰৰ সামৰণি

 ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰ পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি নৰ্থ লখিমপুৰ কলেজত দুদিনীয়াকৈ আয়োজিত আলোচনাচক্ৰৰ সামৰণি পৰিছে। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ৰ সহযোগত আয়োজিত ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম শীর্ষক আলোচনাচক্ৰত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক নিৰোদ বৰুৱাই ভাষণ দিয়ে। এই অনুষ্ঠানত চামচুদ্দিন চিচিৰে প্ৰণয়ন কৰা ‘বাংলাদেশেৰ অসমীয়া’ আৰু শ্বেখ মকবুল ইছলামে প্রণয়ন কৰা ‘মিছিং ফ্‌লৰ’গ্ৰাফী’কে ধৰি ৪ খন গ্ৰন্থ উন্মোচন কৰা হয়। এই আলোচনাচক্রত ম্যানমাৰ, বাংলাদেশ আৰু থাইলেণ্ডৰ অধ্যাপকে অংশগ্রহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।