ডাউনলোড
মোবাইল এপ

android apple
signal

পুনৰ ভূমিস্খলনৰ ফলত বদৰপুৰ- লামডিং ৰে’লপথ বন্ধ

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ডিমা হাছাওৰ মুপা ষ্টেচনৰ সমীপত হোৱা ভূমিস্খলনৰ বাবে বদৰপুৰ- লামডিং অংশৰ ৰে’লপথছোৱা বন্ধ হৈ পৰিছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে এই পথছোৱাত পাহাৰৰ পৰা শিল আৰু মাটি খহি পৰাত পুৱা শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লখন আৱদ্ধ হৈ পৰে। শেহতীয়াকৈ জাতিংগা-লামপুৰ অংশত ভূমিস্খলনৰ বাবে একেৰাহে ছদিন এই ৰে’লপথছোৱা বন্ধ হোৱাত যাত্ৰীসকলে দুর্ভোগ ভূগিবলগীয়া হৈছিল। যোৱা সোমবাৰে এই ৰে’লপথছোৱাৰে যাত্ৰা পুনৰ স্বাভাৱিক হোৱাত জনসাধাৰণে সকাহ লাভ কৰিছিল যদিও আজি পুনৰ ভূমিস্খলনত ৰে’লপথ বন্ধ হৈ যোৱাত যাত্ৰীসকল অসুবিধাত পৰাৰ আশংকা কৰা হৈছে। ইতিমধ্যে এখন জেচিবি আৰু দুখন এক্সকেভেটৰে সেই অংশটো মুকলোৱাৰ বাবে চেষ্টা কৰি আছে। ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ১৫৬১৬ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ, ১৩১৭৪ কাঞ্চনজংঘা এক্সপ্ৰেছ, ১২৫২০ আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ, ১৫৬১৮ দুর্লভছৰা-গুৱাহাটী এক্সপ্ৰেছ আৰু ১৪৬১৯ আগৰতলা-ফিৰোজপুৰ এক্সপ্ৰেছ ৰে’লগাড়ীকেইখন বিভিন্ন ষ্টেচনত ৰখাই থ’বলগীয়া হোৱাৰ সম্ভাৱনা আছে।