ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০২৪-২৫ বিত্তীয় বৰ্ষত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ১১ খন ৰোড অভাৰ ব্ৰীজ নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ

উত্তৰ পূৱ সীমান্ত ৰে’লৱেই ২০২৪-২৫ বিত্তীয় বৰ্ষত ইয়াৰ মণ্ডলসমূহত ১১ খন ৰোড অভাৰ ব্ৰীজ নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে। ৰোড অভাৰব্ৰীজ নিৰ্মাণৰ জৰিয়তে সমগ্ৰ সংমণ্ডলত সুৰক্ষা আৰু যোগাযোগ বৃদ্ধিৰ ক্ষেত্ৰত ৰে’লৱেই উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে উত্তৰ পূৱ সীমান্ত ৰেলৱে এই ৰোড অভাৰব্ৰীজসমূহে কেৱল লেভেল ক্ৰছিঙত দুৰ্ঘটনাৰ সম্ভাৱনা দূৰ কৰাই নহয়, যান-জঁটৰ সমস্যাও হ্ৰাস কৰিছে। আন্তঃগাঁথনি আধুনিকীকৰণৰ ক্ষেত্ৰত গতি লাভ কৰাৰ লগে লগে এনে প্রকল্পসমূহে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পৰিবহন নেটৱৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এনে প্ৰকল্পৰ অংশ হিচাপে ডিব্ৰুগড়ৰ মানকটা ৰোডত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা অ’ভাৰব্ৰীজখনে নগৰখনত যান- জটৰ নিয়ন্ত্ৰণৰ উপৰি ৰে’লৱেৰ বৈদ্যুতিকীকৰণৰ পদক্ষেপ সহজ কৰি তুলিছে। থানা চাৰিআলিৰ পৰা চৌকিদিঙি সংযোগী এই দলংখন ৪৫০ মিটাৰ দৈৰ্ঘ্যৰ আৰু ইয়াত ৭.৫ মিটাৰ বহল দ্বৈত পথ আৰু পদপথ আছে। ৬০ কোটি ১৩ লাখ টকাৰ এই প্ৰকল্পটো উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পুঁজিৰে সম্পূৰ্ণ কৰা হৈছে। মানকটা ৰেলৱে উৰণ সেঁতু প্ৰকল্পটো আন্তঃগাঁথনি উন্নীতকৰণৰ লগতে ৰে’লৱেৰ ভৱিষ্যমুখী চিন্তাধাৰাৰ নিদৰ্শন বুলিও উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰকাশ কৰিছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।