March 11, 2025 12:57 PM | north east rail

printer

হোলী উৎসৱৰ পূৰ্বে উত্তৰ ৰে’লৱেৰ ৪০০ খনতকৈও অধিক বিশেষ ৰে’লৰ চলাচল আৰম্ভ

সমাগত হোলী উৎসৱৰ পূৰ্বে যাত্ৰীসকলৰ সুবিধা হোৱাকৈ উত্তৰ ৰেলৱেই ৪০০ খনতকৈও অধিক বিশেষ ৰেলৰ চলাচল আৰম্ভ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উত্তৰ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে কয়, যে যাত্ৰীসকলৰ সুবিধার্থে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে, ৰাষ্ট্ৰীয় ৰাজধানীৰ নতুন দিল্লী, আনন্দবিহাৰ আৰু হজৰত নিজামুদ্দিন ৰেলৱে ষ্টেছনত যাত্ৰীৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে ক্ষুদ্র নিয়ন্ত্ৰণ কক্ষ আৰু জিৰণী চৰাৰো ব্যৱস্থা কৰা হৈছে। প্ৰয়োজন সাপেক্ষে কেইবাখনো নতুন ৰেলৰ ব্যৱস্থা কৰা হব বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে কেৱল ৰেলৰ বৈধ টিকট থকা যাত্রীসকলেহে প্লেটফৰ্মত প্ৰৱেশ কৰিবলৈ দিয়া হব।