ডাউনলোড
মোবাইল এপ

android apple
signal

September 4, 2025 8:16 PM | Budget allocation

printer

উত্তৰ পূৰ্বাঞ্চলৰ বাবে বাজেটত আৱণ্টিত ধনৰ পৰিমাণ ২০১৪-১৫ বৰ্ষৰ পৰা ১৫৩ শতাংশ বৃদ্ধি

উত্তৰ পূৰ্বাঞ্চলৰ বাবে বাজেটত আৱণ্টিত ধনৰ পৰিমাণ ২০১৪-১৫ চনৰে পৰা ১৫৩ শতাংশ বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু কিঞ্জাৰাপুৱে প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশৰ ইটানগৰত আয়োজিত অসামৰিক বিমান পৰিবহণ বিষয়ক উত্তৰ পূৰ্বাঞ্চলৰ মন্ত্ৰী সন্মিলন তথা তৃতীয় উত্তৰ-পূব পৰিবহণ সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয, যে বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী গতিশক্তি আঁচনিৰ অধীনত অকল আন্তঃগাঁথনিৰ বাবেই অঞ্চলটোত ১ লাখ ৪৫ হাজাৰৰো অধিক টকা বিনিয়োগ কৰা হৈছে। উত্তৰ-পূব পৰিবহণ সন্মিলন অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে আন্তঃগাঁথনি খণ্ডৰ প্ৰগতি, নীতিগত উদ্যম আৰু সমূহীয়া সুযোগ সম্পর্কে আলোচনাৰ মঞ্চৰূপে পৰিগণিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীকিঞ্জাৰাপুৱে কয়, যে কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ ৰাজ্য আৰু ক্ষুদ্ৰ বিমান পৰিবহণ সংস্থাসমূহক উপকৃত কৰা উড়াণ আঁচনিৰ ম্যাদ আৰু ১০ বছৰ বৃদ্ধি কৰাৰ বাবে আঁচনিখনত সংশোধন কৰিছে। উত্তৰ পূৰ্বাঞ্চল সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ ভিতৰত যোগাযোগ অন্যতম বুলি উল্লেখ কৰি তেওঁ কয়, যে অঞ্চলটোৰ বিমান যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে বিভিন্ন ক্ষুদ্ৰ আৰু উদ্ভাৱনমূলক আৰ্হি চালি- জাৰি চোৱা হৈছে। তেওঁ কয়, যে এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ প্ৰতিখন জিলাত হেলিপ’ৰ্ট নিৰ্মাণ কৰাটো সঠিক পথ বুলি গণ্য কৰা হৈছে আৰু সম্প্ৰসাৰিত উড়াণ আঁচনিৰ অধীনত এই উদ্যমৰ পৰিকল্পনা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।