ডাউনলোড
মোবাইল এপ

android apple
signal

পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ; ৩১ জুলাই অন্তিম দিন

পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। ২০২৬ চনৰ গণৰাজ্য দিৱসত ঘোষণা হ’বলগীয়া এই বঁটাসমূহে বিভিন্ন ক্ষেত্ৰত ব্যতিক্রমী কৃতিত্ব আৰু বিশিষ্ট সেৱাৰ স্বীকৃতি প্ৰদান কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি পদ্ম সন্মানৰ মনোনয়নৰ দাখিলৰ বাবে চলিত বৰ্ষৰ ৩১ জুলাইক অন্তিম দিন ধাৰ্য কৰা হৈছে। এই বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শ ৰাষ্ট্ৰীয় বঁটা পোৰ্টেল awards.gov.inত অনলাইনযোগে আগবঢ়াব পাৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিবৃতিত স্ব-মনোনয়নকে ধৰি সকলো নাগৰিককে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে। মহিলাসকলৰ মাজৰ পৰা প্ৰতিভাৱান ব্যক্তি, সমাজৰ দুৰ্বল শ্ৰেণী, অনুসূচিত জাতি আৰু জনজাতি, বিশেষভাৱে সক্ষম ব্যক্তি, যিসকলৰ উৎকৃষ্টতা আৰু কৃতিত্ব স্বীকৃতিৰ যোগ্য হোৱাৰ লগতে সমাজখনত যিসকলে নিঃস্বার্থভাৱে সেৱা আগবঢ়াইছে তেওঁলোকক চিনাক্ত কৰাৰ বাবে বিশেষ প্ৰচেষ্টা চলোৱা হ’ব বুলি কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক