ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি লোকসভা নিৰ্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব

◊ লোকসভা নিৰ্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব। কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। এই পৰ্যায়ৰ বাবে সোমবাৰৰ দিনটো মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ২০ মে’ত ভোটগ্ৰহণ কৰা হ’ব।
মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা কালি উত্তৰ প্ৰদেশত কেইবাগৰাকীও আগশাৰীৰ নেতাই মনোনয়ন দাখিল কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি উত্তৰ প্ৰদেশৰ ৰায়বৰেলী সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। তেওঁ মনোনয়ন দাখিলৰ পূৰ্বে এটা ৰোড শ্বত ভাগ লয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে, সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী আৰু জ্যেষ্ঠ নেতা অশোক গেহলটে হাজাৰ হাজাৰ দলীয় কৰ্মীৰ সৈতে ৰোড শ্বত অংশ লয়। ৰায়বৰেলীৰ পৰা বিজেপি প্রার্থী দীনেশ প্ৰতাপ সিং আৰু আমেথীৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী কিশোৰী লাল শৰ্মাই কালি মনোনয়ন দাখিল কৰে। আনহাতে, উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা তৃণমূল কংগ্ৰেছৰ একমাত্র প্রার্থী ললিতেশ পতি ত্রিপাথীয়েও ভাদোহি সমষ্টিৰ পৰা কালি মনোনয়ন দাখিল কৰে।