October 10, 2025 8:21 PM | Nobel Prize

printer

মাৰিয়া কোৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ নৱেল বঁটা

ভেনিজুবেলাৰ আইৰণ লেডী মাৰিয়া কোৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ নৱেল বঁটা আগবঢ়োৱা হৈছে। গণতন্ত্ৰ ৰক্ষাৰ বাবে কেইবা দশক ধৰি স্বৈৰাচাৰিতাৰ বিৰুদ্ধে নির্ভিকতাৰে চলাই যোৱা সংগ্ৰামৰ বাবে ভেনিজুৱেলাৰ বৰ্তমাৰ বিৰোধী নেতৃ মাৰিয়া কোৰিনা মাচাডোলৈ শান্তিৰ নবেল বঁটা আগবঢ়োৱা হৈছে।

মাৰিয়া কোৰিনা মাচাডোয়ে বিগত ২ দশক জুৰি ভেনিজুৱেলত মুক্ত নিৰ্বাচনৰ বাবে যুঁজ দি আহিছে। নিজৰ দেশতে প্ৰাণৰ ভাবুকি লৈ কাম কৰি যোৱা মাৰিয়াক ২০২৪ চনৰ নিৰ্বাচনত প্রার্থীত্ব আগবঢ়োৱাটো চৰকাৰে বাধা প্রদান কৰিছিল। ভেনিজুৱেলত নিকোলাচ মাড়ুৰোৰ চৰকাৰ অহাৰ পিছত মাৰিয়া কোৰিনা মাচাডোবে ১৪ মাহ ধৰি আত্মগোপন কৰি থাকিবলগীয়া হৈছিল।