ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 7, 2025 7:38 PM | Nobel Prize

printer

আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ পদার্থ বিজ্ঞানৰ নবেল বঁটা

চীপ ব্যৱহাৰৰ দ্বাৰা কোৱাণ্টাম পদার্থ বিজ্ঞানৰ ক্রিয়াশীল ৰূপৰ প্ৰদৰ্শনৰ অভূতপূর্ব পৰীক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ পদার্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। বিজ্ঞানী তিনিগৰাকীৰ গৱেষণাৰ ফলত কোৱান্টাম কম্পিউটাৰ, কোৱাণ্টাম সংবেদনগ্রাহক আৰু কোৱাণ্টাম সংকেতবিদ্যাৰ অগ্ৰগতিৰ পথ প্রশস্ত হৈছে। নবেল বঁটাৰে পুৰস্কৃত জন ক্লার্ক, মিচ্চেল ডেৱাৰেট আৰু জন মার্টিনীজ কেলিফর্ণিয়া আৰু য়েল বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। ৰয়েল ছুইচ একাডেমী অব চায়েন্সেছে তিনিওগৰাকী বিজ্ঞানীক ১ কোটি ১০ লাখ ছুইচ ক্রণাৰেৰে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছে। বিজ্ঞানী তিনিগৰাকীৰ সাফল্যক কোৱান্টাম প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ পদক্ষেপ বুলি অভিহিত কৰা হৈছে। এই অগ্রগতিয়ে বিশ্ব ডিজিটেল ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিব বুলিও আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।