October 9, 2025 9:10 PM | nobel 2025

printer

হাংগেৰীৰ প্ৰখ্যাত ঔপন্যাসিক, চিত্ৰনাট্যকাৰ লাছল’ ক্ৰাছনাহ’কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা

হাংগেৰীৰ প্ৰখ্যাত ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ লাছল’ ক্ৰাছনাহ’ কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। ছুইডেনৰ ষ্টকহোমত থকা ছুইডিচ একাডেমী নোবেল কমিটীয়ে আজি এই বঁটা ঘোষণা কৰে। সন্ত্রাস আৰু হত্যা-হিংসা জৰ্জৰিত পৰিস্থিতিত নিজৰ প্ৰভাৱশালী আৰু ভৱিষ্যদর্শী সাহিত্যকৰ্মৰে কলা শক্তিক পুনৰ প্রতিষ্ঠা কৰাৰ স্বীকৃতিস্বৰূপে সাহিত্যিকগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে। পুৰস্কাৰ হিচাপে তেওঁ ১ দশমিক ২ নিযুত আমেৰিকান ডলাৰ লাভ কৰিব। উল্লেখযোগ্য যে ইয়াৰ আগেয়ে চলিত সপ্তাহটোত চিকিৎসা, পদার্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ নবেল বঁটা প্ৰদান কৰা হৈছিল ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।