পাকিস্তানত এতিয়া সন্ত্রাসবাদীয়ে শান্তিৰে লুকাই থাকিব পৰা কোনো ঠাই নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কঠোৰ বাৰ্তা দিছে। তেওঁ কয় যে সন্ত্রাসবাদীক তেওঁলোকৰ ঘাটিতে নিঃশেষ কৰাৰ সামৰ্থ ভাৰতৰ আছে। পাঞ্জাবৰ আদমপুৰ বায়ু সেনা ঘাটিত কালি বাহিনীটোৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰি প্রধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। সিন্দূৰ অভিযানৰ সাফল্যৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ৯ টা শিবিৰ ধ্বংস কৰিছে আৰু এশৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰিছে। তেওঁ কয়, যে সন্ত্রাসবাদীয়ে ভৰসা কৰা পাকিস্তানী সেনা ভাৰতীয় সশস্ত্র বাহিনীৰ হাতত বাৰুকৈয়ে পৰাস্ত হৈছে। সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰকাৰীসকলে এতিয়া নিৰীহ লোকৰ ৰক্তক্ষয়ৰ পৰিণাম যে অকল বিনাশ আৰু ধ্বংস সেয়া ভালকৈ অনুধাৱন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ সিন্দূৰ অভিযানৰ সময়ত সশস্ত্র বাহিনীয়ে প্ৰদৰ্শন কৰা সাহস, বীৰত্ব আৰু পেচাদাৰিত্বৰ ভূয়সী প্ৰশংসা কৰে। শ্ৰীমোদীয়ে কয়, যে সিন্দূৰ অভিযানে দেশৰ মনোবল বৃদ্ধি কৰিছে, দেশক একতাৰ ডোলেৰে বান্ধিছে আৰু সীমান্তসমূহ সুৰক্ষিত কৰিছে। তেওঁ কয়, যে সশস্ত্র বাহিনীসমূহে দেশৰ গৌৰৱক নতুন শিখৰলৈ লৈ গৈছে আৰু এয়া সঁচাকৈ অভূতপূৰ্ব, অকল্পনীয় আৰু অসাধাৰণ।
Site Admin | May 14, 2025 11:30 AM | No place left where terrorists can breathe in peace | warns PM Modi
পাকিস্তানত এতিয়া সন্ত্রাসবাদী শান্তিৰে লুকাই থাকিব পৰা কোনো ঠাই নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কঠোৰ বাৰ্তা
