ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত-পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিবঃ ৰনধীৰ জয়ছোৱাল

জম্মু-কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে প্রকাশ কৰিছে। কালি এখন সংবাদমেলত মুখপাত্রগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই ক্ষেত্ৰত ভাৰতৰ নীতি অপৰিৱৰ্তিত হৈ আছে। সিন্ধু জলচুক্তিখন স্থগিত ৰখা হৈছে বুলিও মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতে সদিচ্ছা আৰু মৈত্ৰীৰ চিনস্বৰূপে এই চুক্তি কৰিছিল যদিও কেইবা দশকজুৰি দেশখনে সীমান্তৰ সিপাৰৰ পৰা চলাই থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে এই চুক্তি স্থগিত ৰাখিবলৈ ভাৰত বাধ্য হৈছে। তেওঁ কয়, যে পাকিস্তানী পক্ষই দিয়া বিবৃতি সমূহেৰে দেশখনে নিজক আভুৱা ভাঁৰিছে। বৃহৎসংখ্যক উগ্রপন্থীক প্রশ্রয় দিয়া এখন দেশে ইয়াৰ পৰিণাম ভুগিব লগাটো নিশ্চিত বুলিও তেওঁ উল্লেখ কৰে। ভাৰতে দেশখনত থকা সন্ত্রাসবাদী ঘাটিসমূহ ধ্বংস কৰি কেৱল ভাৰতীয় লোককে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ নিৰ্দোষী লোকৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক