ডাউনলোড
মোবাইল এপ

android apple
signal

April 10, 2025 8:26 PM | Nitin Gadkari

printer

মধ্যপ্ৰদেশৰ বাদনাৱাৰ-উজ্জইন ৰাষ্ট্ৰীয় ঘাইপথ মুকলি

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি মধ্যপ্ৰদেশৰ বাদনাৱাৰ-উজ্জইন ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰে। এই ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতমালা প্ৰকল্পৰ অধীনত মধ্যপ্ৰদেশৰ ধৰ জিলাৰ বাদনাৱাত এহেজাৰ ৩৫২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে। মন্ত্ৰী শ্ৰীগাডকাৰীয়ে ৫ হাজাৰ ৮০০ কোটি টকা ব্যয়সাপেক্ষ ৩২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১০ টা পথ প্ৰকল্পৰ ভূমি পূজন কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে কয়, যে মধ্য প্ৰদেশত ৩৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ৫ টা সেউজ অর্থনীতি কৰ্ডিৰ নিৰ্মাণ কৰা হ’ব। ওম-কাৰেশ্বৰৰ নর্মদা নদীৰ ওপৰত বিশ্বমানৰ এখন বিশেষ দলং নিৰ্মাণ কৰা হ’ব বুলিও শ্ৰীগাডকাৰীয়ে জানিবলৈ দিয়ে। ইয়াৰোপৰি এহেজাৰ ২০০ কোটি টকা ব্যয়সাপেক্ষে ৬ টা ৰৌজ্জু পথ নিৰ্মাণ কৰা হ’ব। ৩ লাখ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া আন্তঃগাথনি প্ৰকল্পৰ এটা বছৰতে সমাপ্ত হ’ব বুলিও শ্ৰীগাডকাৰীয়ে জানিবলৈ দিয়ে।

 

অধিক পঢ়ক

সকলো চাওক