মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে আৰু ৰাজ্যত কাম চলি থকা আন্তঃগাঁথনি প্রকল্প সন্দৰ্ভত আলোচনা কৰে। বৈঠকত ৰাজ্যৰ ধবজাবাহী আন্তঃগাঁথনি প্রকল্পসমূহৰ পৰ্যালোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে এই প্রকল্পসমূহৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ সহযোগিতা কামনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে প্ৰকল্পসমূহৰ কাম নিৰ্ধাৰিত সময়ত আৰু দক্ষতাৰে সম্পূৰ্ণ কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ সমৰ্থনৰ আশ্বাস দিয়ে। তেওঁ লগতে এই প্রকল্পসমূহে আঞ্চলিক যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব, বাণিজ্য পথসমূহৰ সম্প্ৰসাৰণ ঘটাব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব বুলি
মন্তব্য কৰে।
মুখ্যমন্ত্রী ড° শৰ্মাই আজি ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাৰিয়াকো দেখা কৰে। তেওঁলোকে পুঁজি হস্তান্তৰ সন্দৰ্ভত অসমৰ অনন্য দিশ সম্পর্কে আলোচনা কৰে ।
ড° শৰ্মাই লাইফ কেয়াৰ লিমিটেডৰ অধ্যক্ষ শ্ৰীজয়েশ ছাইনিৰ সৈতেও ৰাজ্যৰ দ্ৰুত বিকাশশীল স্বাস্থ্য সেৱা খণ্ডত অংশগ্ৰহণৰ উদ্দেশ্যে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তি ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। ইপিনে, আই চি আই চি আই ফাউণ্ডেচন আৰু আই চি আই চি আই বেংকৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু অসমত চলি থকা ব্যৱসায়িক সামাজিক দায়বদ্ধতাৰ প্ৰচেষ্টা সম্পৰ্কে আলোচনা কৰে। বৈঠকত ৰাজ্য চৰকাৰ আৰু আই চি আই চি আই ফাউণ্ডেচনৰ যৌথ সহযোগিতাৰ সৈতে ব্যৱসায়িক – সামাজিক দায়বদ্ধতাৰ প্ৰচেষ্টা সমূহ অধিক শক্তিশালী কৰি ক্ষুদ্র ঋণ গ্ৰহণকাৰীৰ বাবে সুলভ কৰাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হয় ৷