ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 2, 2025 8:25 PM | Nirmola sitarmon

printer

নতুন দিল্লীত আজি নির্মলা সীতাৰমনৰ সপ্তম প্রাক বাজেট আলোচনা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৫-২৬ বৰ্ষৰ বাবে দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটৰ পূৰ্বে বিত্তীয় খণ্ড আৰু মূলধনী বজাৰৰ লগত জড়িত সংশ্লিষ্ট পক্ষৰ সৈতে সপ্তম প্রাক বাজেট আলোচনাত মিলিত হয়। এই বৈঠকত কেন্দ্রীয় বিত্ত সচিব, ডি আ পি এ এমৰ সচিব, অর্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবসকল আৰু মুখ্য বিত্তীয় পৰামৰ্শদাতা উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে শ্ৰীমতী সীতাৰমনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্ত মন্ত্ৰীসকল, উদ্যোগিক প্রতিনিধি, স্বাস্থ্য আৰু শিক্ষা খণ্ড, কৃষি খণ্ডৰ লগত জড়িত আগশাৰীৰ অর্থনীতিবিদ আৰু ভালেমান কৃষক, সংগঠনৰ সৈতে প্ৰাক বাজেট আলোচনাৰ অধ্যক্ষতা কৰে। সংসদত অহা ১ ফেব্ৰুৱাৰীত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰা হ’ব। উল্লেখযোগ্য যে, শ্রীমতী সীতাৰমণৰ একেৰাহে অষ্টম বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।