ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দুদিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

দুদিনীয়া অসম ভ্রমণসূচীৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আজি গুৱাহাটীত উপস্থিত হ’ব। সন্ধিয়া তেওঁ উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে’টৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব। সকলো বতৰতে কাৰ্যক্ষম হৈ থাকিব পৰা প্ৰকল্পটোত ছহেজাৰ ৮০০ বৰ্গ মিটাৰ এলেকাজুৰি ফেৰী টার্মিনেলৰ ব্যৱস্থা আছে। ডলফিনৰ আৰ্হিত নির্মিত টার্মিনেল আৰু ঘাটটোত ১০০ জনকৈ যাত্রী কঢ়িওৱা ৪ খন কাটামাৰাণ জাহাজ ৰখাব পৰাকৈ ১২০ মিটাৰ দৈৰ্ঘ্যৰ পন্টুন আছে। যাত্ৰীসকলৰ সুবিধাৰ্থে বিশ্বমানৰ টার্মিনেল ভৱনটোত ই-টিকেটিঙৰ ব্যৱস্থা থাকিব। এই প্ৰকল্পই গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

ব্ৰহ্মপুত্ৰৰ পাৰত সতী ৰাধিকা শান্তি উদ্যান প্রকল্পটো ৩২৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে। নতুন আয়ুক্ত ভৱনৰ পৰা কাছাৰী ঘাটলৈ ১ দশমিক ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উদ্যানখন নিৰ্মাণ কৰা হৈছে। উদ্যানখনত খোজকঢ়াৰ বাবে বিশেষ পথ, চাইকেল ট্ৰেক আৰু বহাৰ বাবে বিশেষ ব্যৱস্থা সংলগ্ন কৰা হৈছে। শিশুসকলে খেল-ধেমালি কৰাৰ বাবে উদ্যানখনত বিশেষ ব্যৱস্থা থকাৰ উপৰি মুকলিভাৱে শৰীৰ চৰ্চা কৰাৰো ব্যৱস্থা ৰখা হৈছে। উদ্যানখনত চাৰিটা ব্যৱসায়িক ভৱন আৰু অসম বিষয়বস্তু সম্বলিত ৭ খনকৈ প্ৰৱেশদ্বাৰ ৰখা হৈছে। উদ্যানখনত নদীৰ পাৰ খহনীয়া প্ৰতিৰোধৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছে।

     কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে আজি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলীও পৰিদৰ্শন কৰিব প্রকল্পস্থলীত আয়োজিত এটা অনুষ্ঠানত বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰায় ৩০০ গৰাকী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰিব।

শ্ৰীমতী সীতাৰমণৰ আগমনৰ পূৰ্বে কালি মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বৰাই প্ৰকল্পস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। তেওঁলোকে লগতে ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ মুখ্য কাৰ্যবাহী অভিযন্তাৰ সৈতে বিদ্যুৎ, পানীযোগান, নিৰাপত্তা আদি বিভিন্ন বিষয়ত আলোচনা কৰে। অহা বছৰৰ ফেব্ৰুৱাৰীত এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব। প্ৰকল্পটোৱে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।