ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 8, 2024 6:39 PM | Niraj Chopra

printer

পেৰিছ অলিম্পিকত আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব নীৰজ চোপ্ৰা

জেভলিন থ্ৰৰ যোৱাবাৰৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব। আনহাতে ভাৰতীয় পুৰুষ হকী দল আজি বিয়লি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনৰ সন্মুখীন হ’ব। ইপিনে, মল্লযুদ্ধত বৰ্তি থকা একমাত্ৰ পুৰুষ মল্লযোদ্ধা অমন শ্বেহৰাৱাট আজি বিয়লি পুৰুষৰ ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অৱতীৰ্ণ হোৱাৰ বিপৰীতে মহিলা মল্লযোদ্ধা অংশুৱে ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্রী ষ্টাইল শিতানত দেশক প্ৰতিনিধিত্ব কৰিব। আনহাতে, পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগটে তেওঁক অযোগ্য ঘোষণা কৰা সিদ্ধান্তৰ বিৰুদ্ধে ক্রীড়া চালিছী আদালতত আবেদন দাখিল কৰিছে। খেলুৱৈগৰাকীয়ে তেওঁক যুটীয়াভাৱে ৰূপৰ পদক প্ৰদান কৰিবলৈ দাবী জনাইছে। লগতে ফোগটে সামাজিক মাধ্যমযোগে তেওঁৰ অৱসৰৰ কথাও ঘোষণা কৰিছে।