ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 19, 2024 12:32 PM | Niraj Chopra

printer

বিশ্ব এথলেটিকছ কণ্টিনেণ্টেণ্ট গোল্ড ট্যুৰ প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ সোণৰ পদক অৰ্জন

অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ফিনলেণ্ডৰ টুকুত অনুষ্ঠিত বিশ্ব এথলেটিকছ কণ্টিনেণ্টেণ্ট গোল্ড ট্যুৰ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত সোণৰ পদক অৰ্জন কৰিছে। নীৰজে যোৱা নিশা ৮৩ দশমিক ৬-২ মিটাৰলৈ যাঠি নিক্ষেপ কৰি প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰে। পাছত খেলুৱৈগৰাকীয়ে তৃতীয় প্ৰচেষ্টাত ৮৫ দশমিক ৯-৭ মিটাৰলৈ যাঠি নিক্ষেপ কৰি সোণৰ পদক হস্তগত কৰে।