চুইজাৰলেণ্ডৰ জুৰিখত চলিত মাহৰ ২৭ আৰু ২৮ আগষ্টত হ‘বলগীয়া ডায়মণ্ড লীগ ফাইনেল ২০২৫ ত বিশ্ব চেম্পিয়ন তথা দুবাৰৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই আনুষ্ঠানিকভাৱে তেওঁৰ স্থান দখল কৰিছে। শেহতীয়া চিলেচিয়া লেগৰ পৰা নিজক আঁতৰাই ৰখাৰ পাছতো পূৰ্বৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰিয়েই এই প্রতিযোগিতাত অন্তৰ্ভূক্ত হোৱাৰ বাবে নীৰজ চোপ্ৰাই যোগ্যতা অৰ্জন কৰিছে। মাত্ৰ দুখন খেলৰ পৰা ১৫ পইণ্ট লাভ কৰি চোপ্ৰাই পুৰুষৰ জেভলীন ধ্ৰুৰ ফাইনেলত শীৰ্ষ প্ৰতিদ্বন্দীসকলৰ তালিকাত যোগদান কৰিছে। যোৱা শনিবাৰে চিলেচিয়া লেগৰ পাছত শেহতীয়া ষ্টেডিং তালিকা প্রকাশ পাইছিল ।
উল্লেখযোগ্য যে নীৰজ চোপ্ৰাই ২০২২ চনৰ ডায়মণ্ড লীগৰ খিতাপ জয় কৰিছিল আৰু ২০২৩ আৰু ২০২৪ চনত ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰিছিল। অৱশ্যে, তেওঁ এতিয়াও দ্যা জুৰিখ ডায়মণ্ড লীগ ফাইনেলত অংশগ্ৰহণৰ কথা নিশ্চিত কৰা নাই ।