যোৰহাট জিলাৰ নিমাতিঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। খহনীয়াৰ কবলত পৰি যোৰহাটকে ধৰি বিস্তীর্ণ অঞ্চলৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। খহনীয়াৰ ফলত নিমাতি হাটীশাল শৈলবান্ধৰ এটা বৃহৎ অংশ খহি যায়। খহনীয়াৰ ফলত ঐতিহাসিক ক‘কিলাপথাৰো নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে। মাজুলীৰ বেচামৰা দিশৰ পৰা নদীখনে প্ৰত্যক্ষভাৱে দক্ষিণপাৰত খুন্দা মৰাৰ ফলত নিমাতি হাটীশালৰ দুই নম্বৰ শৈলবান্ধ আৰু এক নম্বৰ বুলহেডৰ মাজৰ ভিতৰ ক‘কিলা অঞ্চলত খহনীয়াই সমস্যাৰ সৃষ্টি কৰিছে। জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে যদিও সমস্যাৰ সমাঘান নোহোৱাত জনসাধাৰণেত উদ্বিগ্নতা প্ৰকাশ কৰিছে ।
Site Admin | August 26, 2025 12:45 PM | nimatighaat
নিমাতিঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ
