জ্ঞানপীঠ সন্মানপ্রাপক যশস্বী কবি, সমালোচক, শিক্ষাবিদ নীলমণি ফুকনৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। কবিতাৰ ভাষাৰে অ’ মোৰ সপোনৰ সূৰ্যৰ মানুহ বুলি সম্বোধন কৰি সময়ৰ আহ্বান আৰু মানৱীয়তাৰ প্ৰমূল্যক চকু মেলি চাবলৈ শিকোৱা কবিগৰাকীৰ ১৯৩৩ চনৰ আজিৰ দিনটোতে গোলাঘাট জিলাৰ দেৰগাঁৱত জন্ম হৈছিল। ১৯৮১ চনত কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবিগৰাকীক ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ২০০২ চনত তেওঁ সাহিত্য একাডেমী ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান, সাহিত্য একাডেমী ফেল’ প্রদান কৰা হয়। ২০২০ বৰ্ষৰ বাবে আগবঢ়োৱা জ্ঞানপীঠ বঁটা ২০২১ বৰ্ষত কবিগৰাকীলৈ আগবঢ়োৱা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কবিগৰাকীৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰি কয় যে, তেওঁৰ সৃষ্টি আৰু দৃষ্টিয়ে জনসাধাৰণক যুগে যুগে আলোকিত কৰি ৰাখিব। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে জন্মদিন উপলক্ষে কাব্যশিল্পৰ নিপুণ খনিকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰি কয় যে, কাব্য সৃষ্টিৰ উপৰি শিল্পকলা সম্পৰ্কীয় গভীৰ অন্তৰ দৃষ্টি সম্পন্ন ৰচনাৰাজীৰে তেওঁ জাতিটোক অমূল্য সম্পদ আগবঢ়াই গৈছে।
Site Admin | September 10, 2024 9:23 PM | nilamani phukan birthday
জ্ঞানপীঠ সন্মানপ্রাপক যশস্বী কবি, শিক্ষাবিদ নীলমণি ফুকনৰ জন্মবার্ষিকী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন
