নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰা হ’ব। উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি, বাল্যবিবাহ তথা কৈশোৰকালৰ মাতৃত্ব প্ৰতিৰোধ, প্ৰতিগৰাকী কন্যা শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত হৈছে। ২০২৪-২৫ বৰ্ষত এই আঁচনিৰ অধীনত এক লাখ ৬০ হাজাৰ ছাত্ৰীলৈ ১৩৩ কোটি টকা মোকলাই দিয়াৰ বিপৰীতে ২০২৫-২৬ বৰ্ষত ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক নিযুত মইনা আঁচনিৰ সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত এই আঁচনিৰ চেক বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব। অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্যকে ধৰি আন কেইবাগৰাকী বিধায়ক উপস্থিত থাকিব।
Site Admin | October 27, 2025 10:58 AM | Nijut Moina 2.0
নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ছাত্ৰীসকলৰ মাজত চেক বিতৰণ