উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি, বাল্য বিবাহ তথা কৈশোৰকালীন মাতৃত্ব প্ৰতিৰোধ, শিশুৰ শিক্ষা,স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী এহেজাৰ টকা, স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীয়ে মাহিলী এহেজাৰ ২৫০ টকা আৰু স্নাতকোত্তৰ আৰু বিএডৰ ছাত্ৰীয়ে মাহিলী দুহেজাৰ ৫০০ টকাকৈ লাভ কৰিব। মাধ্যমিক শিক্ষাৰ বাবে আজিৰ পৰা ৯ আগষ্টলৈ প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব। ছাত্ৰীসকলে বন্ধৰ সময়ছোৱা বাদ দি সৰ্বাধিক ১০ মাহৰ বাবে এই সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত ২০২৪-২৫ বৰ্ষত এক লাখ ৬০ হাজাৰ ছাত্রীক ১৩৩ কোটি টকা বিতৰণ কৰা হৈছিল।
উল্লেখযোগ্য যে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি নিৰ্মূল কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি কালি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আবেদনপত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কালিৰ কেন্দ্ৰীয় কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত উপস্থিত থাকে।