ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 7, 2024 8:13 PM | NEET Result

printer

নীট অনিয়ম সম্পৰ্কীয় অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মল্লিকার্জুন খাৰ্গেৰ

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ আৰু প্ৰৱেশ পৰীক্ষা, নীটৰ ক্ষেত্ৰত অনিয়ম হোৱা বুলি উঠা অভিযোগৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। শ্ৰী খার্গেই আজি সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কয় যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত বিষয়টোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হোৱা উচিত। তেওঁ কয় যে প্রশ্নকাকত ফাদিল, জালিয়াতি আৰু দুৰ্নীতি নীটকে ধৰি ভালেমান পৰীক্ষাৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। তেওঁ পৰীক্ষাৰ ক্ষেত্ৰত হোৱা এনে অনিয়মৰ বাবে চৰকাৰক দোষাৰোপ কৰিছে।