ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়য়ন্ত্ৰকাৰী তহববুৰ ৰানাক পুনৰ ১২ দিনৰ বাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ জিম্মালৈ প্ৰেৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰই কিছুদিনৰ পূৰ্বে ভাৰতলৈ প্ৰত্যৰ্পণ কৰা ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়য়ন্ত্ৰকাৰী তহববুৰ হুছেইন ৰানাক আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এখন বিশেষ আদালতত হাজিৰ কৰোৱা হয় ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ বিশেষ আদালতৰ ন্যায়াধীশ চন্দ্ৰজিত সিঙৰ সন্মুখত ৰানাক হাজিৰ কৰোৱা হয়। আদালতে তহববুৰ ৰানাক আৰু ১২ দিনৰ বাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ জিম্মালৈ প্ৰেৰণ কৰে। আজি ৰানাৰ ১৮ দিনৰ ৰীমাণ্ড সম্পূৰ্ণ হয়। সূত্ৰত প্ৰকাশ পোৱা মতে আদালতত তহববুৰ ৰানাক প্ৰতিনিধিত্ব কৰিবৰ বাবে দিল্লী আইন সেৱা পৰিষদে ন্যায়াধীশ পিয়ুছ চচদেৱাক নিয়োগ কৰিছে৷ শেহতীয়াকৈ দিল্লীৰ এন আই এৰ কাৰ্যালয়ত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়াই সোধাপোছা কৰাৰ সময়ত ৰানাই সহযোগিতা নকৰাৰ পাছতেই এই শুনানি গ্রহণ কৰে। উল্লেখযোগ্য যে ২০০৮ চনৰ ২৬ নৱেম্বৰৰ মুম্বাই আক্ৰমণৰ ষড়যন্ত্ৰকাৰী ডেভিদ ক’লমেন হেদলিৰ ঘনিষ্ঠ সহযোগী ৰানাক যোৱা ৪ এপ্ৰিলত আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।