ডাউনলোড
মোবাইল এপ

android apple
signal

March 18, 2025 12:20 PM | NHPC

printer

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত অহা মাহৰ পৰা এন এইছ পি চি বিদ্যুৎ উৎপাদনৰ প্ৰস্তুতি

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত অহা মাহৰ দ্বিতীয় সপ্তাহৰ পৰা এন এইছ পি চিয়ে বিদ্যুৎ উৎপাদন কৰাৰ বাবে সাজু হৈছে। দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন জলবিদ্যুৎ প্রকল্পটোৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এন এইচ পি চিয়ে প্রথম পৰ্যায়ত প্ৰকল্পটোৰ তিনিটা ইউনিট কার্যক্ষম কৰি ৭৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব। ১১ নাইবা ১২ এপ্ৰিলৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ কৰি ২০২৬-২৭ বৰ্ষৰ পৰা প্ৰকল্পটোৰ আটাইকেইটা ইউনিট কার্যক্ষম কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। প্ৰকল্প নিৰ্মাণকাৰী সংস্থাটোৱে অহা মাহত বিদ্যুৎ উৎপাদন কৰিবলগীয়া তিনিওটা ইউনিটৰ পৰীক্ষা চলিত মাহৰ তৃতীয়টো সপ্তাহৰ আৰম্ভণিতে সম্পন্ন কৰিব বুলি জানিব পৰা গৈছে।