ডাউনলোড
মোবাইল এপ

android apple
signal

March 4, 2025 7:54 PM | nhm

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলৰ কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বেতনসহ বকেয়া প্রদান, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সম কাম-সম বেতন আৰু সমান সুযোগ সুবিধাৰ দাবীত তিনিদিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। শিৱসাগৰ জিলাৰ এহেজাৰৰো অধিক এন এইচ এমৰ স্বাস্থ্যকর্মীয়ে ৰাজ্য চৰকাৰে চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছে। কৰ্ম বিৰতিৰ প্ৰতি চৰকাৰে সঁহাৰি নিদিলে ৰাজপথত গণতান্ত্রিক আন্দোলন কৰা হব বুলি সদৌ অসম এন এইচ এম কাৰিকৰী কৰ্মচাৰী কল্যাণ সংস্থাই প্ৰকাশ কৰিছে।

ধেমাজি জিলাতো আজি এন এইচ এমৰ এশৰো অধিক ঠিকাভিত্তিক কৰ্মচাৰীয়ে জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয় চৌহদত কৰ্ম বিৰতি কাৰ্যসূচী পালন কৰিছে।

শিলচৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত এন এইচ এমৰ কৰ্মীসকলে বিভিন্ন দাবী উত্থাপিত প্লেকার্ড হাতত লৈ বিক্ষোভ প্ৰদৰ্শন কৰে। এই কৰ্ম বিৰতিৰ সময়ত জৰুৰীকালীন সেৱাৰ বাহিৰে স্বাস্থ্যকর্মীসকলে কোনোধৰণৰ সেৱা আগ নবঢ়োৱাৰ সিদ্ধান্ত লৈছে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাত ডেৰশৰো অধিক এন এইচ এমৰ স্বাস্থ্যকর্মীয়ে হাতে হাতে প্লেকার্ড লৈ গজাৰীকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্ম বিৰতি পালন কৰাৰ বাতৰি আমালৈ আহিছে।
একেদৰে বৰপেটা জিলাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদত এন এইচ এমৰ স্বাস্থ্যকর্মীসকলে এই প্রতিবাদৰ জৰিয়তে কেইবাটাও দাবী উত্থাপন কৰে। জিলাখনত ৮৫০তকৈও অধিক এন এইচ এমৰ স্বাস্থ্যকৰ্মী আছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে।

বজালী জিলাৰ নিত্যানন্দস্থিত খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল আৰু বিলাসীপাৰা আদৰ্শ স্বাস্থ্য কেন্দ্ৰৰ এন এইচ এমৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলেও প্ৰাপ্য অধিকাৰৰ দাবীত আজিৰে পৰা কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক