January 2, 2026 11:55 AM | NHAI

printer

১ ফেব্ৰুৱাৰীৰ পৰা নতুন ফাষ্ট টেগ জাৰী কৰাৰ বাবে KYV কাৰ্ডৰ প্ৰচলন বন্ধ কৰা হ’ব বুলি ঘোষণা

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্রাধীকৰণে পহিলা ফেব্ৰুৱাৰীৰ পৰা নতুন ফাষ্ট টেগ জাৰী কৰাৰ বাবে আপোনাৰ বাহনখনক জানক KYV কাৰ্ডৰ প্ৰচলন বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ে প্ৰকাশ কৰা মতে, ঘাইপথেৰে অহা-যোৱা কৰা লোকৰ সুবিধা আৰু ফাষ্ট টেগ সক্ৰিয়কৰণৰ পৰৱৰ্তী পৰ্যায়ৰ সমস্যা দূৰ কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। অকল অভিযোগ লাভ কৰা বিশেষ ঘটনাৰ ক্ষেত্ৰতহে KYV কার্ড প্রয়োজন হ’ব বুলি মন্ধ্যালয়ে স্পষ্ট কৰি দিছে। কোনো ধৰণৰ অভিযোগ নাথাকিলে বৰ্তমানৰ ফাষ্ট টেগৰ বাবে KYV কার্ড জৰুৰী নহ’ব।