ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 24, 2024 12:04 PM | nfr requitment

printer

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ক্ৰীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্রকাশ

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ক্ৰীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্রকাশ কৰিছে। ভাৰতীয় নাগৰিক আৰু যোগ্যতাৰ সকলো মাপকাঠি পূৰ্ণ কৰা ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে এই আবেদন দাখিল কৰিব পাৰিব। এই নিযুক্তি লেবেল একৰ পৰা পঞ্চমলৈকে বিভিন্ন পদৰ বাবে হ’ব। পদসমূহৰ বাবে আবেদনৰ অন্তিম দিন ৯ জুন ধাৰ্য কৰা হৈছে। আগ্রহী প্রার্থীয়ে www.nfr.indianrailways.gov.in ৱেবছাইট যোগে আবেদন কৰিব পাৰিব। ভাৰোত্তোলন, গল্ফ, বক্সিং, চাইক্লিং, ক্রিকেট, বেডমিণ্টন, ফুটবল, টেবল টেনিচ আদি ক্রীড়া ক্ষেত্ৰৰ খেলুৱৈসকলে এই পদসমূহৰ বাবে অনলাইন প্রক্রিয়া সম্পূৰ্ণ কৰি আবেদন কৰিব পাৰিব। নিযুক্তিৰ বাবে লেভেল চাৰি আৰু পাঁচ পদত আবেদন কৰা প্ৰাৰ্থীসকলৰ পহিলা জুলাই ২০২৪ আৰু লেভেল ১ৰ পৰা ৩ নম্বৰ পদৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলৰ নিৰ্ধাৰিত বয়সৰ সীমা চলিত বছৰৰ পহিলা জানুৱাৰীলৈ ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত ধাৰ্য কৰা হৈছে। অহা ২০ আৰু ২৮ জুনত প্ৰাথমিক বাছনি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু প্রার্থীসকলে সংশ্লিষ্ট ভাষাৰ বাবে নিজক সাজু কৰিব লাগিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেই আন্তর্জাতিক মানৰ খেলুৱৈ চিনাক্ত কৰি তেওঁলোকৰ ক্ৰীড়া প্রতিভা বিকশাই তোলাৰ বাবে এই সুযোগ প্ৰদান কৰিব ৷