♦ অসম ৰে’ল যাত্ৰী সংস্থাৰ আপত্তি মৰ্মে কাইলৈ ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত উত্তৰ-পূব সীমান্ত ৰে’লৱেই নামনি অসমত সাময়িকভাৱে ৰে’ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ঘগ্ৰাপাৰ ষ্টেচনত ফুট অভাৰব্ৰীজ নিৰ্মাণ আৰু দ্বৈত ৰে’লপথ নিৰ্মাণ সংক্ৰান্তীয় কামৰ বাবে কাইলৈ কেইঘণ্টামানৰ বাবে এই ৰে’ল পথছোৱাৰে ৰে’লৰ চলাচল বন্ধ কৰিছিল।
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত নামনি অসমত সাময়িকভাৱে ৰে’ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ
