উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৬টা গুৰুত্বপূৰ্ণ ভৱনে নেট জিৰ’ এনার্জী বিল্ডিং হিচাপে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনত শক্তি দক্ষতা ব্যুৰ’ৱে শূন্য কার্বন নির্গমণৰ সফলতা অৰ্জন কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ভৱনকেইটাক এই মৰ্যাদাপূর্ণ শূন্য লেবেল সন্মান প্ৰদান কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি ভাৰতীয় ৰে’লৱেৰ ২০৩০ চনৰ ভিতৰত শূন্য কার্বন নির্গমণ অভিযানৰ বাবে অহৰহ কাম কৰি আছে ৷ এই ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেইও প্ৰচেষ্টা অব্যাহত ৰাখিছে।
Site Admin | August 24, 2024 9:01 PM | nf-railway-net-zero
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৬টা গুৰুত্বপূৰ্ণ ভৱনৰ নেট জিৰ’ এনার্জী বিল্ডিং হিচাপে সফলতা অৰ্জন
