উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে কালি ৰঙিয়া সংমণ্ডলৰ অধীনৰ বাইহাটা, চাংসাৰি, কেন্দুকোনা, আগিয়াঠুৰী আৰু ৰঙিয়া ষ্টেচন পৰিদৰ্শন কৰি ৰে’লৰ আন্তঃগাঁথনি পৰ্যালোচনা কৰে। তেওঁ ৰে’ল ষ্টেচন কেইটাৰ যাত্ৰীৰ সা-সুবিধা, ৰে’ল চলাচলৰ সুৰক্ষা ব্যৱস্থা আৰু ছিগনেলিং আন্তঃগাঁথনিৰ বুজ লয়। মহাপ্ৰৱন্ধকগৰাকীয়ে বাইহাটাত নতুন গতিশক্তি কার্গো টার্মিনেলৰ উন্নয়ন কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। এই টার্মিনেলত তিনিবিধ নির্দিষ্ট সামগ্ৰীৰ বাবে পৃথক ৰে’ল লাইন দুখন মালবাহী ৰে’লগাড়ীৰ প্লেটফৰ্ম আৰু মালবাহী ট্ৰাকৰ পৰা বয়-বস্তু উঠা-নমাৰ বাবে বিশেষ ৰেম্পৰ ব্যৱস্থা কৰা হৈছে। বাইহাটা কার্গো টার্মিনেল কার্যক্ষম হৈ উঠিলে ইয়াৰ পৰা প্ৰতিমাহে ২৫ খন মালবাহী ৰে’লগাড়ীৰ পৰা মালবস্তু উঠা-নমা কৰিব পৰা যাব। আনহাতে কালি ৰঙিয়া ষ্টেচন পৰিদৰ্শনকালত অঞ্চলটোৰ কেইবাটাও যাত্রী সংগঠনৰ প্ৰতিনিধিক মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে সাক্ষাতৰ অনুমতি নিদিয়া বুলিও সংগঠনকেইটাই অভিযোগ কৰিছে।
Site Admin | July 16, 2025 10:15 PM | nf railway cheton sribastav visit station
বাইহাটা, চাংসাৰি, কেন্দুকোনা, আগিয়াঠুৰী, ৰঙিয়া ষ্টেচন পৰিদৰ্শন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ
