ৰাষ্ট্ৰীয় গতি শক্তি প্ৰকল্পৰ অধীনত উত্তৰ পূব সীমান্ত ৰে’লৱেই অসমত নিৰ্মাণ কৰি থকা ছটা নতুন গতি শক্তি কার্গো টার্মিনেলৰ ভিতৰত বাইহাটাত নির্মীয়মান টার্মিনেলটো শীঘ্রেই সম্পূর্ণ হৈ উঠিব। উত্তৰ পূব সীমান্ত ৰে’লৱেই প্রেছ বিজ্ঞপ্তিযোগে প্রকাশ কৰে যে বাইহাটাত নির্মীয়মান এই প্রকল্পটোৰ বাবে ২৪৫ কোটি টকা ব্যয় কৰা হৈছে। এই টার্মিনেলটোৱে উত্তৰ পূৰ্বাঞ্চলত বয়বস্তু সৰবৰাহ ব্যৱস্থা শক্তিশালী আৰু দ্রুত কৰাৰ লগতে ব্যয় হ্রাস কৰাত সহায় কৰিব। টার্মিনেলটোৰ নিৰ্মাণ কাৰ্য প্রায় সম্পূৰ্ণ হৈছে আৰু সুৰক্ষাৰ বাবে প্রয়োজনীয় অনুমোদন প্রক্রিয়া চলি আছে। উল্লেখযোগ্য যে ২০২২ চনত গতি শক্তি টার্মিনেল প্রকল্প আৰম্ভ কৰা হৈছিল।
Site Admin | November 27, 2025 7:59 PM | NF Railway
বাইহাটাত নির্মীয়মান টার্মিনেলটো শীঘ্রেই সম্পূর্ণ হৈ উঠিব বুলি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ প্ৰকাশ