ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 1, 2024 12:58 PM | NF Railway

printer

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত ৮ খন বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই উৎসৱ উপলক্ষে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন ৰে’লৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়ে। নিউ জলপাইগুৰিৰ পৰা গোমতীনগৰ, ৰাঁচিৰ পৰা পুৰ্ণীয়া কৰ্ট, কাটিহাৰৰ পৰা গোমতীনগৰ, টাটানগৰ জংছনৰ পৰা কাটিহাৰ, গুৱাহাটীৰ পৰা গোমতীনগৰ, চণ্ডিগড়ৰ পৰা কাটিহাৰ, আগৰতলাৰ পৰা ধৰ্মানগৰ আৰু আগৰতলাৰ পৰা ছাৰুমলৈ বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে।