আকাশবাণীত আজি ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্রতিযোগিতা ২০২৫ৰ পুৰস্কাৰসমূহ প্ৰদান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্রতিযোগিতা ২০২৫ৰ পুৰস্কাৰসমূহ আজি প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটীৰ সন্মিলন কক্ষত দিনৰ ২ বজাত অনুষ্ঠিত বাঁটা বিতৰণি অনুষ্ঠানত নিষ্ঠা বৰগোহাঁই-প্রথম, দিব্যা আত্রে-দ্বিতীয়, অন্বেষা ফুকন আৰু ৰোহিত গাওঁখোৱাক যুটীয়াভাবে তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। এই বঁটা বিতৰণী অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মুৰববী ৰবীন বড়োয়ে আদৰণি ভাষণ আগবঢ়ায়। অনুষ্ঠানসমূহৰ মুৰববী কৰ্ডলিন থেংকুৱে প্রতিযোগীসকলক শুভেচ্ছা জনাই আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানসমূহৰ চমু আলোকপাত কৰে। বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে এই প্রতিযোগিতাৰ পটভূমিৰ ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠান কাৰ্যবাহী কার্তিক সূত্ৰধৰ, চন্দ্রিমা শৰ্মাৰ লগতে প্ৰচাৰণ কাৰ্যবাহী অজয় বৰা আৰু বাতৰি পৰিবেশক অৰুণিমা গোস্বামীয়ে নিজৰ ভাষণত প্রয়াত গোলাপ শইকীয়াৰ স্মৃতি সোঁৱৰণ কৰে। অনুষ্ঠানত উপস্থিত থকা দুগৰাকী বিজয়ী প্রতিযোগীৰ অভিভাৱক অভিজিৎ বৰগোহাঁই আৰু গজেন শৰ্মাই আকাশবাণীৰ বাতৰি বিভাগৰ এই প্ৰচেষ্টাৰ শলাগ লয়।

প্রতিযোগিতাত বিজয়ীসকলৰ সৈতে অন্তৰংগ আলাপেৰে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। তেওঁলোকৰ সৈতে কথা পাতিছে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে।