December 31, 2024 1:27 PM | new year programme

printer

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উদ্যোগত উভতি চাওঁ-২০২৪ শীর্ষক এটা বিশেষ অনুষ্ঠান

চাওঁতে চাওঁতে ইংৰাজী ২০২৪ বৰ্ষই বিদায় ল’বলৈ ওলাইছে। আৰু কেইটামান ঘণ্টাৰ পাছতে ২০২৪-এ বিদায় ল’ব আৰু এটা নতুন বৰ্ষ আৰম্ভ হ’ব। ৰাজনীতি, সমাজনীতি, সাহিত্য-সংস্কৃতি, চলচ্চিত্র, ক্রীড়া আৰু বিজ্ঞান-প্ৰযুক্তি জগতৰ বহু ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ ৰ’ল ২০২৪ বছৰটো। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উদ্যোগত আজি নিশা ৮ বাজি ২ মিনিটত উভতি চাওঁ-২০২৪ শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। বিশিষ্ট চলচ্চিত্র সমালোচক, লেখক উৎপল দত্ত, জ্যেষ্ঠ সাংবাদিক জিতেন্দ্র কুমাৰ চৌধুৰী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।