নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্য চৰকাৰে জনসেৱাৰ কেইবাটাও কামৰ শুভাৰম্ভ কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সেই অনুসৰি অহা পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প’ৰ্টেল মুকলি কৰা হ’ব। ইতিমধ্যে ১ লাখ ৫৪ হাজাৰ লোকে ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিছে। এইবাৰ চৰকাৰে ৭৫ হাজাৰ যুৱক-যুৱতীক এই আঁচনিৰ জৰিয়তে প্রথম কিস্তিৰ ১ লাখ টকাকৈ আর্থিক সাহায্য প্ৰদান কৰিব। ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ত ২৫ হেজাৰ যুৱক-যুৱতীক এক লাখ টকাকৈ দিয়া হৈছিল। প্ৰথম পৰ্যায়ত ধন লাভ কৰা লোকসকলৰ কাম-কাজসমূহ পৰীক্ষা কৰি বাকী থকা এক লাখ টকা প্রদান কৰা হ’ব। অহা পহিলা জানুৱাৰীতে চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন বীমা আঁচনি ৰূপায়ণৰ জৰিয়তে কেবাটাও বেংকৰ সৈতে ৰাজ্য চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব বুলিও তেওঁ লগতে প্ৰকাশ কৰে। আনহাতে, চৰকাৰী কৰ্মচাৰীৰ নিজৰ মাজতে বুজাবুজিৰে বদলি হ’ব পৰা প’ৰ্টেলটোও নতুন বছৰৰ প্ৰথম দিনটোতে মুকলি কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্রী গৰাকীয়ে দুমাহৰ ভিতৰত ইচ্ছুকসকলক আবেদন কৰিবলৈ আহ্বান জনায়। ছফটৱেৰৰ জৰিয়তে এই কাম কম সময়ৰ ভিতৰতে কৰ্মচাৰীৰ নিজৰ অনুমতি সাপেক্ষে সমাধান কৰা হ’ব বুলিও তেওঁ কয় । তৃতীয় পৰ্যায়ৰ মিচন বসুন্ধৰা আঁচনিৰ বাবে আবেদনৰ অন্তিম দিন অহা ৩১ ডিচেম্বৰ হোৱাত মুখ্যমন্ত্ৰীয়ে শৈক্ষিক, সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানসমূহক সময়মতে আবেদন কৰাৰ বাবেও আহ্বান জনায়। ইতিমধ্যে ৰাজ্য চৰকাৰে পূৰ্বৰ নিয়ম শিথিল কৰাৰ কথাও তেওঁ উল্লেখ কৰে।
Site Admin | December 27, 2024 11:22 AM | new year cm himanta biswa
নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্য চৰকাৰে জনসেৱাৰ কেইবাটাও কামৰ শুভাৰম্ভ কৰিবঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা
