December 31, 2025 12:30 PM | New Year 2025

printer

২০২৫ বৰ্ষৰ আজি অন্তিম দিন; কাইলৈ নতুন সম্ভাৱনা লৈ এটা নতুন বৰ্ষ আৰম্ভ

ইংৰাজী ২০২৫ বৰ্ষৰ আজি অন্তিম দিন। কাইলৈ নতুন সম্ভাৱনা লৈ এটা নতুন বৰ্ষ আৰম্ভ হ’ব। ৰাজনীতি, সমাজনীতি, সাহিত্য-সংস্কৃতি, চলচ্চিত্ৰ, ক্ৰীড়া আৰু বিজ্ঞান-প্ৰযুক্তি জগতৰ বহু উত্থান-পতন আৰু ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ ৰোৱা ২০২৫ বছৰটোৱে অসমবাসীলৈ ভালেমান সুখ আৰু দুখৰ সংবাদ লৈ আহিছিল। এনে প্ৰত্যাহ্বান নেওচিও জনসাধাৰণে নতুন সময়ক আদৰাৰ বাবে প্রস্তুতি চলাইছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষক আদৰাৰ বাবে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বছৰৰ অন্তিম দিনা বনভোজস্থলীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰ, ৰাণী, টেঘেৰিয়া, পানীখাইতি, হাতীশিলাকে ধৰি বিভিন্ন অঞ্চলত আজি পুৱাতেই অগণন লোক বনভোজৰ আনন্দ উপভোগৰ বাবে সমবেত হৈছে। বৰপেটা জিলাৰ বাঘবৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ, সৰভোগৰ বেঁকী নদীৰ বালিচৰকে ধৰি বিভিন্ন বনভোজস্থলীত আজি যথেষ্ট লোকৰ সমাগম হয়। নৱবৰ্ষৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰবাবে জিলা প্ৰশাসনসমূহে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নৱবৰ্ষৰ লগতে বৰ্তমানৰ বনভোজৰ বতৰত সঘনে হোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

দক্ষিণ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ঐতিহাসিক চানডুবি বিলৰ পাৰত কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ষোড়শ চানডুবি মহোৎসৱ অনুষ্ঠিত হ’ব। এই মহোৎসৱত বিভিন্ন জাতি- জনগোষ্ঠীৰ কলা-সংস্কৃতি, হস্তশিল্প আৰু খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হয়। কাইলৈ পুৱা ৮ বজাত এই মহোৎসৱৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ’ব। ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ২ জানুৱাৰীত সাংস্কৃতিক কাৰ্যসূচী আৰু ৩ জানুৱাৰীত জনজাতি সমাজৰ পৰম্পৰা আৰু ৰীতি-নীতি বিষয়ত আলোচনাসত্ৰ অনুষ্ঠিত হ’ব।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজিৰে পৰা ৰামধেনু উৎসৱৰ আয়োজন কৰা হৈছে।