ডাউনলোড
মোবাইল এপ

android apple
signal

ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত ধৰ্মীয় স্থান, বনভোজথলীসমূহত ব্যাপক জনসমাগম

ইংৰাজী নৱবৰ্ষ ২০২৫-ৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত নৱবৰ্ষ উদযাপনৰ উৎসাহ-উদ্দীপনাই বিৰাজ কৰে। নতুন বছৰটোত নিজৰ লগতে পৰিয়ালৰ কুশল কামনা কৰি নেদেখাজনৰ আশিস ল’বলৈ আজি পুৱাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হয়। শিৱসাগৰ জিলাতো ৰাইজে আজি ব্যাপক উৎসাহ-উদ্দীপনাৰে নৱবৰ্ষ উদযাপন কৰে। শিৱসাগৰ নগৰৰ ইতিহাস প্রসিদ্ধ ৰংঘৰ বাকৰি, তলাতল ঘৰ প্ৰাঙ্গন আদিৰ লগতে দিচাংমুখ দিখৌমুখৰ বনভোজথলীসমূহত ব্যাপক জনসমাগম দেখা যায়। জিলাখনৰ মন্দিৰ-মছজিদ-গির্জাসমূহত নেদেখাজনৰ আশিস ল’বলৈ পুৱাৰে পৰা বহু লোকে ভিৰ কৰে। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, ধেমাজি আৰু লখিমপুৰ জিলাৰো বিভিন্ন মঠ-মন্দিৰ আৰু পৰ্যটনস্থলীসমূহত আজি পুৱাৰে পৰা জনসাধাৰণৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ শক্তিপীঠ কামাখ্যা ধাম, উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ দেৱালয়, লতাশিল আৰু গণেশগুৰি গণেশ মন্দিৰৰ উপৰি অন্যান্য মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত বহুলোক সমবেত হয়। গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাত আজি পুৱাৰেপৰা বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। তদুপৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী তাৰকাগৃহ, বিজ্ঞান সংগ্ৰহালয়, ৰাজ্যিক সংগ্ৰহালয় আৰু উদ্যানসমূহতো বহু লোকে আনন্দ উপভোগ কৰা দেখা যায়। নৱবৰ্ষক আদৰাৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হয়। বৰপেটা জিলাৰ বিভিন্ন বনভোজথলীসমূহত নৱবৰ্ষ উদযাপনৰ বাবে আজি জনসমাগম দেখা যায়। জিলাখনৰ বাঘবৰ, বেকী নৈৰ বালিচাপৰি আদিত বহু লোকৰ সমাগম হয়। গোৱালপাৰা জিলাৰ শ্ৰীশ্ৰী সূর্যপাহাৰত আজি ভালেসংখ্যক বনভোজ দলে আনন্দ উপভোগ কৰে। জিলাখনৰ উপদ বিলৰ পাৰতো ভালেসংখ্যক পৰ্যটকৰ ভিৰ দেখা যায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।