নতুন দিল্লীত অহা বছৰৰ আগষ্টত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছ অনুষ্ঠিত হ’ব। পেৰিছত অনুষ্ঠিত চলিত বৰ্ষৰ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছৰ সামৰণী অনুষ্ঠানত কালি বেডমিণ্টন ৱর্ল্ড ফেডাৰেচন, বি ডব্লিউ এফে এই সিদ্ধান্ত সদৰি কৰে। ২০০৯ চনত হায়দাবাদত ভাৰতে অন্তিমবাৰৰ বাবে এই আগশাৰীৰ প্ৰতিযোগিতাখনৰ আয়োজন কৰিছিল। চাৰি বছৰৰ বিৰতিৰ অন্তত অহা বছৰ এছিয়াত এই প্রতিযোগিতা অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছত তাৰকা খেলুৱৈ পি ভি সিন্ধুৱে এটা সোণ, দুটা ৰূপ আৰু দুটা ব্রঞ্জসহ মুঠ ৫টা পদক দখল কৰি দেশৰ আটাইতকৈ সফল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। কোপেনহেগেনত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতৰ প্ৰকাশ পাড়ুকনে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। লণ্ডনত ২০১১ চনত জালা গুট্টা আৰু অশ্বিনী পোনাপ্পাই দেশলৈ সন্মান কঢ়িয়াই আনিছিল। প্ৰতিযোগিতাখনৰ শেহতীয়া সংস্কৰণত পুৰুষৰ ডাবলছত স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আগশাৰীৰ খেলুৱৈ এইচ এচ প্রণয়ে ২০২৩ চনত প্ৰতিযোগিতাখনত পুৰুষৰ ছিংগলছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
Site Admin | September 2, 2025 1:35 PM | New Delhi to Host Badminton World Championships 2026 After 17 Years
নতুন দিল্লীত অহা বছৰৰ আগষ্টত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছ
