ডাউনলোড
মোবাইল এপ

android apple
signal

September 12, 2025 9:22 PM | pm new delhi

printer

নতুন দিল্লীত ‘জ্ঞান ভাৰতম’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনত পাণ্ডুলিপিৰ ডিজিটীয়কৰণ, সংৰক্ষণ আৰু জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ উদ্দেশ্যে জ্ঞান ভাৰতম নামৰ এটা পোৰ্টেলো তেওঁ মুকলি কৰে। উল্লেখযোগ্য যে কালিৰে পৰা পাণ্ডুলিপি ঐতিহ্যৰ জৰিয়তে ভাৰতৰ জ্ঞানৰ উত্তৰাধিকাৰীৰ পুনৰুদ্ধাৰ শীৰ্ষক এখন সন্মিলন চলি আছে। এই সন্মিলনত আগশাৰীৰ গৱেষক, সংৰক্ষণবিদ, প্রযুক্তিবিদ আৰু নীতি বিশেষজ্ঞসকলক একত্ৰিত কৰি ভাৰতৰ অসাধাৰণ পাণ্ডুলিপি সম্পদক পুনৰুজ্জীৱিত কৰাৰ পথসমূহৰ বিষয়ে আলোচনা কৰিব।